Wednesday, January 15, 2020

Comments on the speech by Dr. Himanta Biswa Sarma in the Assam Assembly on 13th January 2020

হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ভাষণভাগ আমি সকলো অসমৰ ৰাইজে শুনিব লাগে৷ যদিওঁ তথ্যবোৰ আগ বঢ়াঁওতে তেওঁৰ হিন্দু ধৰ্মৰ প্ৰতি থকা দুৰ্বলতা আৰু বিজেপিৰ প্ৰতি থকা দ্বায়বদ্ধতাৰ কাৰণে যুক্তিবিহীন হোৱা দেখা গৈছে আৰু শব্দৰ মায়াজাল এখন বৈছে, তথাপিও তথ্য কেইটা আমি সকলোৱে জানিবলগীয়া৷

মোৰ কেইতামান যুক্তি আছে ভাৰত আৰু অসমৰ এজন নাগৰিক হিচাবে, আৰু দেশখনৰ শান্তি আৰু প্ৰগতিৰ প্ৰতি দ্বায়বদ্ধ কাৰণে৷ হিমন্ত ডাঙৰীয়াই বাৰে বাৰে কোৱাৰ দৰে মইও কৈছো যে ভুল হলে শুধৰাই দিয়েযেন৷
এই যুক্তিখিনি লেখাৰ মূল উদ্দেশ্য হৈছে যে আমি সকলোৱে আমাৰ দেশখন, আমাৰ সংবিধানখন ভালকৈ বুজি পাব লাগিব৷ দেশৰ হকে চিন্তা কৰোতে আবেগৰ পৰা অলপ আঁতৰি আহিব আমি পাৰিব লাগিব৷

১) আমাৰ দেশত এজন সাংসদ, চৰকাৰী আমোলা বা সামৰিক বাহিনীৰ বিষয়ায়ে সকলো সময়তে ধৰ্ম নিৰপেক্ষ্য হবই লাগিব৷ সাধাৰণ নাগৰিক এজনৰ বেলেগ মত এটা থাকিব পাৰে৷ এই ভাষণযোগে হিমন্ত ডাঙৰীয়া যে মুছলমান বিৰুধী সেইটো বিধানসভাৰ মজিয়াত জলজল পতপত কে উলাই পৰিছে৷ CAA অনা কাৰণটো যে ধৰ্মীয়, তাক এই ভাষণে ভাল দৰে উপস্থাপন কৰিছে। বিজেপি নেতৃত্বই বাৰে বাৰে কব বিচাৰিছে যে CAA খন secular। সেই ভাষ্যটোক এই ভাষণে উফৰাই দিছে। সেইকাৰণে তেওঁ ভাষণত কোৱাৰ দৰে ৰাজনীতি এৰাই ভাল৷ এই দেশখনৰ আইনে তেওঁক গ্ৰেপটাৰো কৰিব পাৰে এনেকুৱা ধৰ্মভিত্তিত এখন ’যুদ্ধৰ’ ঘোষণা কৰা বাবে৷

২) অসম চুক্তিখন যে হিমন্ত ডাঙৰীয়াই এতিয়াহে ভালকৈ পঢ়িছে, এই কথাষাৰে মোক বহুত দুখ দিছে৷ আৰু বা কিমান জন নেতায়ে হৈতো পঢ়িচোৱা নাই, ভাৱিবলৈয়েই ভয় লাগিছে৷ হয়, সচাঁয়ে অসম চুক্তি ৰুপায়নৰ ক্ষেত্ৰত অসমে বহুতখিনি কৰিবলগীয়া থাকি গ’ল৷ তাৰ কাৰণ আজি বুজিব পাৰিছো৷ প্ৰথম সত্যটো হৈছে অসম চুক্তিৰ দফাখিনি সংসদৰ (parliament) মজিয়াত কেতিয়াও উপস্থাপন কৰা হোৱা নাই আৰু সেইবাবে ১৯৮৫ চনৰ পাছত হোৱা যিকোনো বহিৰাগত বা Foreigner related সংশোধনীবোৰত অসম চুক্তিৰ কথা সামৰি লোৱা হোৱা নাই৷
মোৰ ব্যক্তিগত ধাৰনা যে এই সকলোবোৰ সংশোধনী অসমে অসম চুক্তিৰ দায়ৰাত থাকি অৱলম্বন কৰিব লাগে বা লাগিছিল৷ এই ভাষণত থিকেই কৈছে এক প্ৰকাৰে যে অসম চুক্তিৰ আগতেও উলঙ্ঘন হৈছে কিন্তু সেইবুলিয়েই আকৌ হব দিব লাগে বুলি মই নেভাৱো৷ আগতে কৰা ভুলবোৰ যিহেতো চুক্তিখন পঢ়ি নোছোৱা আৰু অভিজ্ঞতাৰ অভাৱত হল, এইবাৰ যিহেতো পঢ়িচোৱা হ’ল, ভালদৰে আইনৰ অভিজ্ঞ এজনৰ লগত আলোচনা কৰি অসম চুক্তি ৰুপায়নৰ সকলো চেষ্টা কৰাটোৱেই ভাল বুলি মই ভাৱিছো৷

৩) আমাৰ ভাৰতখন ১৯৫০ চনৰ পৰা আৰম্ভ হৈছে৷ ইয়াত কাৰোবাৰ কিবা সংদেহ আছে যদি আঁতৰাই লোৱাই ভাল৷ আমি সংবিধানখনৰ মতে চলো বুলি যদি গৰ্ব কৰো তেনেহলে সত্য এয়াই৷ ২৬/০১/১৯৫০ এই তাৰিখৰ পৰা হে আমি SECULAR, DEMOCRATIC, FEDERAL REPUBLIC হৈছো৷ এই তাৰিখৰ আগতে কোন ৰজাই কেইতা মন্দিৰ ভাঙিছে, কেইটা বনাইছে সেই জ্ঞান আমাৰ আজি তাৰিখত বুৰঞ্জীহে মাথোন৷ আমি ৰাজনিতীৰ দায়ৰাত হিন্দুপ্ৰধান দেশ নহয় বুলি সংবিধান লিখিলোঁ৷
পিছে Aurangzebএ কেইটা মন্দিৰ বনাইছে (হয় বনাইছে),তাৰো হিচাব মই দিব পাৰো৷ এই ভাষণত অনা বুৰঞ্জী কিছো সচাঁ আৰু কিছু মিছা৷ হয়, চুকাফা আক্ৰমণকাৰী আছিল৷ ১২০০ শতিকাৰ পাছতহে আহোমৰ অসম যাত্ৰা৷ আজি তেওঁলোক অসমীয়া৷ হয়টো আহোম অহাৰ আগতেও মুছলমান সকল এই অঞ্চলত আছিল৷ কিন্তু এই তথ্যৰ আজিৰ ভাৰত বা অসমত ৰাজনিতীৰ কাৰণে কোনো ভিত্তি থাকিব নোৱাৰে৷ আমাৰ চৰকাৰৰ চিন্তা, পৰিকল্পনা আৰু পলিচিৰ ক্ষেত্ৰত এই বুৰঞ্জীৰ কোনো কাম নাই৷ হিমন্ত ডাঙৰিয়াই মৰা ৰণহুংকাৰৰ আজিৰ ভাৰতত কোনো দৰকাৰ নাই৷ আমাৰ ৰাইজে বুজক আৰু এনেকুৱা ৰণহুংকাৰৰ সঠিক প্ৰতিউত্তৰ নিৰ্বাচনত দিয়ক৷
আমাক হিন্দু বা মুছলমান ভাল পোৱা আৰু ধৰ্মৰ নামত আবেগিক হৈ যোৱা নেতা নেলাগে, আমাক অসমীয়া নেতা লাগে৷ এজন মাৰোৱাৰী নেতায়ো ভাল অসমীয়া নেতা হ’ব পাৰে৷ তেওঁ অসমৰ অসম চুক্তিৰ বা আন কোনো আন্দোলন কৰি পোৱা চুক্তিৰ হকে সফলতাৰে মাত মাতিব পাৰিব পাৰে৷

৪) অসম চুক্তিৰ বছৰটো ১৯৬৬ নে ১৯৭১ সেই বিষয়টো অনা কাৰণে ভাল হৈছে৷ এই বিষয়ে জানিব কাৰণে আমি চুক্তিখন সকলোৱে পঢ়ি চাব লাগে৷ মোৰ অভিমত হৈছে যে উচ্চতম ন্যায়ালয়ে এন আৰ চি কৰোতে ১৯৭১ চনক ভাৱি লৈছে আৰু অসমৰ সকলোৱে তাৰিখটো মানি লোৱা দেখা গৈছে৷ সেইকাৰণে আমি আকৌ এই তাৰিখটো বিধান সভাৰ মজিয়াত আনি চুক্তিখন যে আগতেও উলঙ্ঘা হৈছে সেইটো স্থাপন কৰা কোনো ইতিবাচক চিন্তা হব নোৱাৰে৷
এইটো সচাঁ যে সময় প্ৰগতিশীল হব লাগে আৰু সময়ে অসম চুক্তিখনো প্ৰগতিশীল কৰি লৈ যাব লাগে৷ সংশোধন হোৱা মানেই violation বা উলঙ্ঘা নুবুজায়৷ ভাষণটোত ধৰি ৰখা উলঙ্ঘনবোৰ violation বুলি কোৱাটো সঠিক বুলি মই নেভাৱো, কাৰণ আমাৰ চুক্তিখন সংসদত উপস্থাপনেই হোৱা নাই৷ যদিও বহু দেৰিয়েই হৈছে, তথাপিও আমি বিধান সভাত এই বিষয়ে আলোচনা কৰিব লাগে৷ যিহেতো ৰাইজ চুক্তিখন লৈ আবেগিক, অসমৰ ৰাজ্য চৰকাৰে জ্ঞানীলোকৰ সহায় লৈ অসম চুক্তিৰ constitutionality বিচাৰি উলিয়াব লাগিব আৰু ভৱিষ্যতে কি কৰা উচিত, তাৰ সিদ্ধান্ত লোৱাটো অতি দৰকাৰ হৈ পৰিছে বুলি মই ভাৱো। অসম চুক্তিত থকা অমিমাংখিত বিষয়বোৰ অসমৰ ৰাইজে মিমাংখা কৰিবলৈ সুবিধা কৰি দিয়াটোয়েই উচিত কথা হব বুলি ভাৱো। কেন্দ্ৰীয় নীতিবোৰে অসম চুক্তিখন চেদেলি-ফেদেলি কৰা বুলি ৰাইজে বুজ ললে কথা বিষম হোৱাৰ সম্ভাৱনা নথকা নহয়।

৫) হিমন্ত ডাঙৰীয়াই ৰিফিউজী আৰু নাগৰিকতাৰ মাজৰ প্ৰাথক্য নজনাটো অতি দুখৰ কথা। ভাৰতৰ Refugee policy নেথাকিলেও শব্দটোৰ অৰ্থজনাত অসুবিধা হব নেলাগিছিল। এই শব্দটোৰ অৰ্থ নজনা দেখাই তেওঁ ডাঙৰ কথা এটা উপস্থাপন কৰিব বিচাৰিছে। কংগ্ৰেছ চৰকাৰ আৰু তৰুণ গগৈ ডাঙৰীয়াক তেওঁ নিজৰ লগত সামৰি লব বিচাৰিছে। পিছে এই যুক্তিয়ে গোটেই ভাষণটোক শেষ কৰি দিছে।
আজিৰ চলি থকা আন্দোলনখন নাগৰিকতাৰ প্ৰশ্নক লৈ হৈছে। তাক সাম কতাবলৈ দিয়া ভাষণভাগে refugee শব্দটোৰ অৰ্থ আন্দোলন কৰা সকলে বুজি নেপাই বুলি ভৱাটো ভাল হোৱা নাই বুলি মই ভাৱো।

No comments:

Post a Comment

The fun is in knowing how nasty, boring or great fun, it was for you, reading my blog post... Just write in, criticize, praise, add to my thoughts or whatever you feel... it will only add to my perspective.
Thank you for your time. Cheers.