Saturday, December 21, 2019

সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লৈ কেইতামান প্ৰশ্ন..

১) আপোনি ১৯৯২ৰ পৰা ১৯৯৯ লৈ আছুৰ সভাপতি থাকোতে ’অসম চুক্তি’ খনৰ ওপৰত বিশ্বাস আছিল নে? যদি বিশ্বাস আৰু সমৰ্থন আছিল, তেনেহলে কি যুক্তি বা কাৰণত আপোনি মত সলালে?

যদি আপোনি আছুত থাকোতে অসম চুক্তি সমৰ্থন নকৰিছিল, তেনেহলে আপোনি আছুক প্ৰতাৰনা কৰা নুবুজালে জানো?

২) আপোনি IMDT 1983 বিপৰিতে উচ্চতম ন্যায়ালয়ত সুফল পাওঁতে ন্যায়ালয়ে বাংলাদেশৰ পৰা হোৱা ’Infiltration’ ক ‘External Aggression’ বুলি আখ্যা দিছিল৷ আপোনি সেই ৰায় মানি লৈছিল আৰু সেই ৰায়দানৰ ফলতে আপোনি জাতিয় নায়কৰ উপাধি পাইছিল৷

সঁচা অৰ্থত মানি লোৱা নাছিল নেকি বাৰু? মানি লোৱা হলে আপোনি কেতিয়াও ’External Aggresion’ক ১৯৭১ চনৰ পৰা ২০১৪ চনলৈ আগ বঢ়াই নানিলে হেতেন?

৩)লগতে উচ্চতম নিয়ালয়ে কৈছিল যে “Bangladesh nationals who have illegally crossed the border and have trespassed into Assam or are living in other parts of the country have no legal right of any kind to remain in India and they are liable to be deported." ২০১৫ চনত বিজেপি চৰকাৰে Foreigners Order 1948 বদলালে আৰু সকলো বিদেশীক, মুছলমান বিদেশীৰ বাহিৰে, ভাৰত আৰু অসমত থাকিবলৈ সন্মতি দিলে৷

আপোনাৰ কেইবা বছৰৰ কষ্টৰ ফলক আপোনাৰ দল বিজেপিয়ে ভৰিৰে গচকি দিলে৷ আপোনি কিয় একো মাত নেমাতিলে? আপোনাৰ দুখ নেলাগিল নে? নে আপোনি আজিৰ দিনত মত সলালে আৰু IMDT ৰায়ক নেমানে?

৪) আপোনাৰ ৰাজ্য অসমত আজি ১৯ লাখ মানুহ দেশবিহীন৷ আপোনি জানে যে ইয়াৰ মাজতে বহু নিৰীহ, নিৰ্দোষী খিলঞ্জীয়া মানুহো আছে৷ নেজানে জানো? কা বা কেবৰ আগতে এই মানুহখিনিৰ কথা ভৱাটো আপোনাৰ দায়িত্ব আছিল বুলি মই ভাৱো৷ আজিৰ দিন’তো আপোনি তেওঁলোকৰ কথা কিয় নেভাৱিলে? কি হ’ব সেই দু্ৰ্ভগীয়া মানুহ বিলাকৰ?

মই ভাৱো আপোনি যদি এই চাৰিটা প্ৰশ্ন সথিকভাৱে দিব পাৰে, আপোনাক অসমৰ ৰাইজে বুজিব আৰু আকৌ হইটো ভোট দিব৷

No comments:

Post a Comment

The fun is in knowing how nasty, boring or great fun, it was for you, reading my blog post... Just write in, criticize, praise, add to my thoughts or whatever you feel... it will only add to my perspective.
Thank you for your time. Cheers.